Wednesday, October 15, 2008

শৈশৱ

এবাৰ ঘূৰাই দিয়া শৈশৱ
(তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ জোৰে )

হাতত ধৰি লৈ যোৱা মোক আকাশৰ সিপাৰলৈ
এবাৰ ঘূৰাই দিয়া শৈশৱৰ গুঞ্জন
জোনাক হ'বলৈ দিয়া মোক
চুই চাবলৈ দিয়া আইতাৰ পলসুৱা হাত
বুকুভৰি উশাহ লবলৈ দিয়া
জোনাকৰ বোকোচাত বহি শুনিবলৈ দিয়া
আইতাৰ সাধুকথা
আকৌ এবাৰ সাজোঁ দিয়া বালিঘৰ
সময়ৰ আচোঁৰত বাগৰি নপৰাকৈ
আকৌ এবাৰ ঘূৰাই দিয়া শৈশৱ
হাতৰ মুঠিত ভৰাই থবলৈ
জীৱনে ভাগৰাব নোৱাঁৰাকৈ ।

Monday, October 6, 2008

শেৱালীৰ দৰে গোন্ধাইছা তুমি

গুণগুণকৈ বুকুত শিপাই সন্ধিয়াৰ বতাহজাক
তোমাৰ চাদৰৰ আচঁল উৰে আকাশ ধিয়াই
তুমি ভালপোৱা, মোৰ জোনাকী সুৱাস

সন্ধিয়াৰ জোনাকত তুমি ৰূপালী হৈ পৰা
মোৰ বুকুত বাজে ভালপোৱাৰ বাঁহী

তুমি শৰতৰ সুকোমল উপহাৰ
চকু মুদিলেই দেখা পাওঁ তোমাক
সন্ধিয়াৰ জোনাকত বহি
শেৱালিৰ দৰে গোন্ধাইছা তুমি ।

২০০৮