Saturday, April 2, 2011

স্মৃতিৰ উদ্যান

মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান

অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’

শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম

অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ

অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ

Sunday, February 6, 2011

সাঁৰে থাকক ভালপোৱা

সেউজীয়া পাতৰ দৰে এক প্ৰত্যয়েৰে
তোমাৰ দুচকুত এজোপা গোলাপ ৰুই দিলোঁ
বুকুত থলোঁ ভালপোৱাৰ বোকা-মাটি
লহ-পহকৈ বাঢ়ক বাঢ়নী পানীৰ দৰে,
শেষ হওক ৰাতিৰ গান, এন্ধাৰৰ হাত

তুমি ভালপোৱা একোটা নিজান বাঁহী
আঁৰি দিলো ডালে-পাতে, মনে মনে
ৰি-ৰিয়াই উঠিল বতাহজাক, কোনে
আহি বাঁহী বায়, নিজান সুৰত
বুকুত বাঢ়ি আহে গোলাপৰ পুলি

ক’ৰবাত গান গালে আহি বহাগৰ
চৰাইজনীয়ে, তুমি আহি হাঁহি দিলা
ভৰি পৰিল গোলাপৰ  ফুল,
সূৰুয আহি বজালে নিজান-বাঁহী

আজি তুমি গান গোৱা
ভৰাই দিয়া জোনাকৰ বাট, ওৰে ৰাতি
সাঁৰে থাকক ভালপোৱা, সেউজীয়া
পাতৰ দৰে ভালপোৱা