গুঞ্জনৰ বিষয়ে

মোৰ বুকুৰ মাজত শব্দৰ গুঞ্জন । জীৱন বিচৰাৰ যাত্ৰাত কেতিয়াবা জোনাক হৈছোঁ, কেতিয়াবা এন্ধাৰ, কেতিয়াবা আকাশ হৈছোঁ যদি কেতিয়াবা বতাহ। আশা-নিৰাশা, পোৱা-নোপোৱা, হৰ্ষ-বিষাদৰ আলি-দোমোজাত মোৰ অনুভৱে কেতিয়াবা কবিতাৰ ৰূপ ল’য় , মোৰ সেই অনুভৱৰে কিছু ছবি, এই গুঞ্জন। গুঞ্জনৰ জৰিয়তে আপোনাৰ স’তে বিনিময় কৰিব খুজিছোঁ মোৰ হিয়াৰ বতৰা ।